Psalms 6

প্ৰধান বাদ্যকৰৰ প্রতি: চমীনীৎ সুৰত তাঁৰযুক্ত যন্ত্ৰেৰে গোৱা দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা, তুমি খংত মোক ধমকি নিদিবা;
তোমাৰ ক্রোধত মোক শাসন নকৰিবা।
2হে যিহোৱা, মোক কৃপা কৰা,
কিয়নো মই দুর্বল;
হে যিহোৱা মোক সুস্থ কৰা,
কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে।

3মোৰ প্ৰাণও ভয়তে ব্যাকুল হৈছে;

হে যিহোৱা, এইদৰে কিমান কাললৈ হৈ থাকিব?
4হে যিহোৱা, মোলৈ ঘূৰি চোৱা,
মোৰ প্ৰাণ ৰক্ষা কৰা;
তোমাৰ অসীম প্রেমেৰে মোক উদ্ধাৰ কৰা।
5মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়;
চিয়োলত (মৈদাম) কোনে তোমাৰ প্রশংসা কৰিব?

6মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো;

গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াওঁ;
মোৰ বিচনা তিতি যায়।
7দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে;
শত্রুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে।

8হে দুষ্ট কার্য কৰা লোকসকল,

তোমালোক সকলোৱেই মোৰ ওচৰৰ পৰা দূৰ হৈ যোৱা;
কিয়নো যিহোৱাই মোৰ ক্ৰন্দন শুনিছে।
9যিহোৱাই মোৰ নিবেদন শুনিলে;
তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে।
মোৰ সকলো শত্রুবোৰ লজ্জিত হ’ব আৰু ভয়তে ব্যাকুল হ’ব;
সিহঁত ঘূৰি যাব আৰু হঠাৎ লাজত পৰিব।
10

Copyright information for AsmULB